পৃষ্ঠা:মুক্তাৱলী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
—মুক্তাৱলী
 

( ৭০ )
বিদ্বানৰে নৃপতিৰে নহয় তুলনা
নহয় কদাপি সমতুল্য দুই জনা,
নৃপতিক পূজা কৰে অকল স্বদেশে
বিদ্বান সততে পূজ্য স্বদেশে বিদেশে।
( ৭১ )
বিন্দু বিন্দু জল পৰি
ক্ৰমে ক্ৰমে ঘট পূৰ কৰে,
ধন ধৰ্ম্ম বিদ্যা যত
সকলোৱে সেই ৰীতি ধৰে।
( ৭২ )
বুদ্ধি যাৰ নাই তাৰ শাস্ত্ৰে কি কৰিব
অন্ধ জনে দৰ্পণেৰে কি গুণ লভিব?
( ৭৩ )
বুধিয়কে এপাৱেৰে এঠানত ৰৈ
ইটি পাৱ মাটিত পেলায়,
নেচাই নিচিতি কোনো আচহুৱা ঠাই
থান এৰা উচিত নহয়।