পৃষ্ঠা:মুক্তাৱলী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
১৯
 

(৬৬)
বিদ্যা তুল্য চক্ষু নাই
তপ একো নাই সত্য মান,
আসকতি হেন দুখ
সুখ নাই ত্যাগৰ সমান।
( ৬৭ )
বিদ্যা নেথাকিলে শূন্য গোটেই জীৱন
বান্ধৱ নহলে দশো দিশ শূন্য হয়,
শূন্য হয় পুত্ৰহীন জনৰ ভৱন
দৰিদ্ৰতা হ’লে হয় সৰ্ব্ব শূন্যময়।
( ৬৮ )
বিদ্যাৰ্থী যি হয় তেওঁ ভোগক এৰিব
ভোগাৰ্থীয়ে বিদ্যাক ত্যজিব,
ভোগাৰ্থীৰ বিদ্যা আৰু বিদ্যাৰ্থীৰ ভোগ
ক’ৰ পৰা কিৰূপে মিলিব?
( ৬৯ )
বিদ্যাৰ নিচিনা আৰু বন্ধু ক’তো নাই
ৰিপু কোনো নাই ব্যাধি মান,
অপত্য স্নেহৰ দৰে স্নেহ একো নাই
বল নাই দৈৱৰ সমান।