পৃষ্ঠা:মুক্তাৱলী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
—মুক্তাৱলী
 


( ৬২ )
বায়সৰ ঠোঁট যদি সোণেৰে বন্ধায়
মাণিকেৰে কৰে তাৰ চৰণ ভূষিত,
পাখিয়ে পাখিয়ে গজমুকুতা লগায়
নহয় বায়স ৰাজহংস কদাচিৎ।
( ৬৩ )
বিচাৰ কৰিহে লাগে সমিধান দিব
নেভাবি নুগুণি কথা কদাপি ন’কব,
গুণক মানিব লাগে শত্ৰুৰো সদায়
দোষক, গুৰুৰো যদি, লোৱা নুযুৱায়।
( ৬৪ )
বিচিত্ৰ চৰিত্ৰ কেনে মহৎ জনৰ!
যদিও সম্পদ তেওঁ তৃণ জ্ঞান কৰে,
তথাপি সম্পদে আহি নিজে লাগ দিয়ে
লক্ষ্মীৰ ভৰত তেওঁ নত হৈ পৰে।
( ৬৫ )
বিদ্যাই বিনয় দিয়ে, যোগ্যতা বিনয়ে
যোগ্যতাৰ গুণে ধন পায়,
ধন পালে পাৰি তাৰে ধৰ্ম্মক সাধিব
ধৰ্ম্মেৰেই সুখ পোৱা যায়।