পৃষ্ঠা:মুক্তাৱলী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
১৭
 

( ৫৯ )
প্ৰিয় বাক্য প্ৰদানিলে
সকলো প্ৰাণীয়ে তাক শুনি প্ৰীতি পায়,
এতেকে যুগুত সেয়ে
বচন-দৰিদ্ৰ হোৱা প্ৰয়োজন নাই।
( ৬০ )
ফল ছাঁয়া দুয়ো থকা
মহাবৃক্ষ আশ্ৰয় কৰিব,
দৈবাৎ ন’হলে ফল
ছায়াঁ তাৰ কোনে নিবাৰিব?
( ৬১ )
ফলশালী হ’লে তৰু নতশিৰে ৰয়
গুণী লোকো সততেই নতশিৰ হয়,
নিৰস শুকান কাঠ আৰু মূৰ্খ জনে
নলয় কদাপি ভিৰ বিনয় নেজানে।

⸺⸺