পৃষ্ঠা:মুক্তাৱলী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
—মুক্তাৱলী
 

( ৫৫ )
প্ৰণয় কৰিলে তাক আজীৱনে নেৰে
খঙ নাই সততেই ৰঙেই অকল,
কদাচিতে উঠিলেও, ক্ষণেকতে এৰে
ত্যাগশীল স্বাৰ্থহীন মহাত্মাসকল।
( ৫৬ )
প্ৰথম কালতে বিদ্যা নাৰ্জ্জিলে মানুহে
ধনক নাৰ্জ্জিলে দ্বিতীয়ত,
তৃতীয়ত নকৰিলে পুণ্য উপাৰ্জ্জন
কি কৰিব চতুৰ্থ কালত।
(৫৭ )
প্ৰবাসত বিদ্যা মিত্ৰ
মাতা মিত্ৰ ঘৰত নিজৰ,
ব্যাধিত ঔষধ মিত্ৰ
ধৰ্ম্ম মিত্ৰ মৃতক জনৰ।
( ৫৮ )
প্ৰাজ্ঞই নিজক ভাবি অজৰ অমৰ
বিদ্যা আৰু ধনক চিন্তিব,
মৃত্যুৱে কেশত ধৰি আজুৰিছে ভাবি
সততেই ধৰ্ম্ম আচৰিব।