পৃষ্ঠা:মুক্তাৱলী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
১৫
 

( ৫১ )
পুত্ৰ যাৰ আপোনাৰ অধীনত থাকে
ভাৰ্য্যা আৰু ভৃত্য যাৰ চলে হাকে-ডাকে,
অভাৱতো সি জনৰ সন্তোষ সদায
এই পৃথিৱীতে তেওঁ স্বৰ্গবাস পায়।
( ৫২ )
পুত্ৰ সেয়ে অনুগত পিতৃৰ যি জন
পিতা সেয়ে কৰে যেয়ে পোষণ পালন,
মিত্ৰ সেয়ে বিশ্বাসৰ যিজন ভাজন
ভাৰ্য্যা সেয়ে হয় যাত নিবৃতি সাধন।
(৫৩)
পুথিত থাকিলে বিদ্যা
নতুবা থাকিলে ধন পৰৰ হাতত,
বিচাৰি নেযায় পোৱা
লগাহলে কোনোটিকে কামৰ পৰত।
( ৫৪ )
পৃথিবীৰ আবৰণ সাগৰ জানিবাঁ
আবৰণ বাৰেই ঘৰৰ,
ৰজা আবৰণ বুলি দেশৰ বুজিবাঁ
চৰিত্ৰই ৰমনী কুলৰ।