পৃষ্ঠা:মুক্তাৱলী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
—মুক্তাৱলী
 

প — ফ
( ৪৭ )
পণ্ডিত জনৰ গাত বহু গুণ পায়
মূৰ্খত অকল দোষ, গুণ একো নাই,
সেই হেতু, প্ৰাজ্ঞলোক মাথোঁ এজনেই
সহস্ৰ মূৰ্খতকৈও শ্ৰেষ্ট সততেই।
( ৪৮ )
পণ্ডিত মতিৰ নৰে
দুষ্প্ৰাপ্যৰ কামনা নকৰে,
গতশোক পৰিহৰে
আপদত ধৈৰ্য্য নেপাহৰে।
( ৪৯ )
পশু স্বভাৱৰ বহু মূৰ্খৰ মাজত
গুণীৰো সুগুণ কোনো নহয় বেকত,
সকলো গুণেই তাৰ পৰে আন্ধাৰত
মেঘে ঢকা সূৰুযৰ হয় যেনে মত।
( ৫০ )
পিতা মাতা সন্তানৰ শত্ৰু মাত্ৰ হয়
নপঢ়াই যদি তাক মূৰ্খ কৰি থয়,
নোশোভে সন্তান সিটো সভাৰ মাজত
দেখি যেন বগলীহে হাঁহৰ জাকত।