পৃষ্ঠা:মুক্তাৱলী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
১৩
 

( ৪৪ )
নিশ্চিত বস্তুক এৰি
অনিশ্চিত যেয়ে খেদি যায়,
নিশ্চিতো হেৰায় তাৰ
অনিশ্চিত হেনেও হেৰায়।
( ৪৫ )
নহয় সি জল য’ত পঙ্কজ নুফুলে
নহয় পঙ্কজ যদি ভ্ৰমৰে নুগুঞ্জে,
ভ্ৰমৰ নহয় যদি গুঞ্জন নেজানে
নহয় গুঞ্জন যদি মনক নৰঞ্জে।
( ৪৬ )
নেবাঞ্ছিবাঁ পৰদাৰ পৰৰ দ্ৰব্যক
পৰপৰিবাদ নকৰিবাঁ,
পৰিহাস চপলতা গুৰুৰ আগত
পৰিহাৰ সততে কৰিবাঁ।

⸺⸺