পৃষ্ঠা:মুক্তাৱলী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
—মুক্তাৱলী
 


( ৪০ )
নকৰিবা পতিয়ন অসঞ্জাতী জনক মুঠেই
সঞ্জাতীতো অনুচিত অধিক বিশ্বাস,
কচিৎ কোপীত হৈ সঞ্জাতী জনেই
কিজানি বা গুপ্ত কথা কৰিব প্ৰকাশ।
( ৪১ )
নদী নখী শিঙালক,
অস্ত্ৰধাৰী যতেক লোকক
নেয়ায় বিশ্বাস কৰা
ৰাজকুল ৰমণীকুলক।
( ৪২ )
নাই য’ত মান আৰু নাই বন্ধু জন
নাই কিবা বৃত্তি ব্যৱসায়,
কোনো বিদ্যা সমাগম নাই যি দেশত
সি দেশক এৰি যাব পায়।
( ৪৩ )
নিজৰ সৰ্ব্বস্ব ধন, লাগে জীৱনকো
জ্ঞানীয়ে পৰৰ অৰ্থে প্ৰদান কৰিব,
ধন প্ৰাণ ক্ষণস্থায়ী যাব একো দিন
সুকাৰ্য্যত দিলে তেওঁ থলত পৰিব।