পৃষ্ঠা:মুক্তাৱলী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
১১
 

( ৩৬ )
দুৰ্ল্লভ হিতৈষী আৰু মধুৰ বচন
দুৰ্ল্লভ বিনীত আৰু সুজন নন্দন,
দুৰ্ল্লভ স্বভাৱ মিলা ভাৰ্য্যা বিতোপন
দুৰ্ল্লভ সুপ্ৰিয় নিজা আত্মীয় স্বজন।
( ৩৭ )
ধৰ্ম্মই সুহৃৎ মাত্ৰ
মৰিলেও লগে লগে যায়,
অপৰ সকলো মিছা
দেহৰ লগতে লোপ পায়।
( ৩৮ )
ধৰ্ম্মৰ আচল মৰ্ম্ম এয়ে শুনি লোঁৱা
শুনি লৈ হৃদয়ত সাৰ বুলি ধৰা,
নিজৰ অনিষ্ট কৰে যেনে আচৰণে
অনুচিত অপৰৰো প্ৰতি তেনে কৰা।
( ৩৯ )
ধান ধন আদি কিবা প্ৰয়োগ কৰোঁতে
ভোজন কৰোঁতে আৰু বিদ্যাক শিকোঁতে,
ব্যৱহাৰ আচৰণ কৰোঁতে মেলোতে
বৰ্জ্জন কৰিব লাগে লজ্জাক সততে।

⸺⸺