পৃষ্ঠা:মুক্তাৱলী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
—মুক্তাৱলী
 

( ৩২ )
দলৰ আগত যোৱা যুগুত নহয়
কাৰ্য্য সিদ্ধি হ’লে লাভ লোকৰ সমানে,
যদিহে নিসিজে কাৰ্য্য কিবা স্বৰূপত
অকলৈ অপযশ পায় যত মানে।
( ৩৩ )
দানত হাতৰ শোভা, নাই কঙ্কণত
স্নানত যি শুদ্ধি পায় নাই চন্দনত,
মানৰ তৃপিতিসুখ নাই ভোজনত
জ্ঞানতেহে মুক্তি পায়, নাই মুণ্ডনত।
( ৩৪ )
দুৰ্জ্জনক তিয়াগিবাঁ
বিদ্যাৰে ভূষিতো যদি হয়,
মণিবিভূষিত ফনী
কিবা জানো ভীষণ নহয়?
( ৩৫ )
দুৰ্ব্বলৰ বল ৰজা
ছৱালৰ অকল ৰোদন,
মূৰ্খৰ মৌনত্ব বল
তস্কৰৰ অসত্য বচন।