পৃষ্ঠা:মুক্তাৱলী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
 

( ২৯ )
জীৱনৰ মুহূৰ্ত্তকো নোৱাৰে ঘূৰাব
কোটি কোটি সুবৰ্ণ মূদ্ৰাই,
তেনে জীৱনক যদি মিছাতে নিয়ায়
ততোধিক হানি আৰু নাই।
( ৩০ )
জ্ঞাতিয়ে নেপায় ভাগ
চোৰেও নোৱাৰে তাক নিব চূৰকৈ,
দানত নহয় ক্ষয়
বিদ্যাৰত্ন মহাধন জানিবা নিশ্চয়।

⸺⸺


ত — ধ
( ৩১ )
ত্যজিবাঁ দুৰ্জ্জন-সঙ্গ সাধুক ভজিবাঁ
ৰাতি দিনে পুণ্য আচৰিবাঁ,
সমস্ত সংসাৰ এই অনিত্য তেনেই
এই সত্য নিতে সুঁৱৰিবাঁ।