পৃষ্ঠা:মুক্তাৱলী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
—মুক্তাৱলী
 

( ২৬ )
ঘৰত নেথাকে যাৰ আপোন জননী
ভাৰ্য্যাও যদিহে হয় অপ্ৰিয়বাদিনী,
অৰণ্যতে থকা ভাল এৰি তেনে ঘৰ
ঘৰ যেনে অৰণ্যও তেনে সিজনৰ।

⸺⸺

চ — জ
( ২৭ )
চাই চিতি খোজ দিব
কাপোৰেৰে ছেকি জল পিব,
শাস্ত্ৰ মতে কথা ক’ব
মনোমত কৰ্ম্ম আচৰিব।
( ২৮ )
চিতা চিন্তা উভয়ৰে
চিতাকেই শ্ৰেয় বোলা যায়,
চিতাই মৰাহে দহে
চিন্তাই জীয়াকো কৰে ছাই।