পৃষ্ঠা:মুক্তাৱলী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
 


গ – ঘ

( ২২ )
গুণবান হ’লে মাত্ৰ একটি পুত্ৰই
মূৰ্খ পুত্ৰ শতেকৰো অধিক নিশ্চয়,
একেটি চন্দ্ৰয়ে মাত্ৰ আন্ধাৰ গুচায়
নোৱাৰে গুচাব অগণন তাৰকাই।
( ২৩ )
গুণীৰ সফল হয় জীৱন ধাৰণ
ধাৰ্ম্মিক জনৰো হয় সাৰ্থক জীৱন,
গুণহীন ধৰ্ম্মহীন হয় যিটো জন
তাৰ জীৱনৰ একো নাই প্ৰয়োজন।
( ২৪ )
গুপ্ত কথা ৰাষ্ট্ৰ কৰা, কিবা ভিক্ষা কৰা
নিঠুৰ স্বভাৱ আৰু অথিৰ প্ৰকৃতি,
ক্ৰোধী হোৱ৷ মিছা কোৱা দ্যূতক্ৰীড়া কৰা
মিত্ৰত জানিবা দোষ এই সকলোটি।
( ২৫ )
গুৰুৱে শিষ্যক যদি
এটি মাত্ৰ আখৰো শিকায়,
সি ঋণ শুজিব পাৰি
পৃথিৱীত এনে দ্ৰব্য নাই।