পৃষ্ঠা:মুক্তাৱলী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
—মুক্তাৱলী
 

( ১৯ )
বুলীনেৰে সংসৰ্গতা
পণ্ডিতেৰে মিত্ৰতা কৰিলে,
জ্ঞাতিৰে থাকিলে মিল
মানুহৰ বিপদ নিমিলে।
( ২০ )
কৃষকৰ সুভিক্ষ সদায়
নিত্য সুখ নিৰোগী জনৰ,
পত্নী যাৰ পতিপ্ৰিয় হয়
দিনৌ উৎসৱ সিজনৰ।
( ২১ )
ক্ৰমে কঁথা সিয়া, ক্ৰমে সুদূৰ গমন
ক্ৰমেহে কৰিব পাৰি পৰ্ব্বত লঙ্ঘন,
ধৰ্ম্ম আৰু কৰ্ম্ম হয় ক্ৰমে সম্পাদন,
এই পঞ্চ হয় মাত্ৰ ক্ৰমাৎ সাধন।

⸺⸺