পৃষ্ঠা:মুক্তাৱলী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
 


( ১৫ )
কিবা টান কাম আছে সমৰ্থ জনৰ
কিবা দূৰ ঠাই ব্যৱসায়ী মানুহৰ,
কিহৰ বিদেশ আছে বিদ্বান লোকৰ
প্ৰিয়ভাষী সকলৰ হয় কোন পৰ?
( ১৬ )
কি ফল ফলিব পুত্ৰ জন্মিলে অকল
যি পুত্ৰৰ নাই বিদ্যা, ভকতিও নাই,
কণা চকু হ’লে কিবা ফলিব সুফল
কামত নেলাগে মাত্ৰ কষ্ট পোৱা যায়।
( ১৭ )
কি হ’ব জন্মিলে মাত্ৰ ডাঁঙৰ কুলত
যিজন লোকৰ গাত সজ গুণ নাই,
অধম কুলতো যদি গুণী লোক হয়
মানুহ নেলাগে মান কৰে দেৱতাই।
( ১৮ )
কুলিৰ মাতেই ৰূপ
সতীত্বই নাৰীসকলৰ,
বিদ্যা কুৰূপৰ ৰূপ
ক্ষমা ৰূপ তাপস জনৰ।