পৃষ্ঠা:মুক্তাৱলী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
—মুক্তাৱলী
 


( ১২ )
ওঠৰ পুৰাণ ৰচি
ব্যাসদেৱে দুটি শিক্ষা দিলে,
পৰোপকাৰেই ধৰ্ম্ম
পাপ হয় পৰক পীড়িলে।

⸺⸺


( ১৩ )
কাব্যশাস্ত্ৰ চৰ্চ্চা কৰি
কাল যায় সুবুদ্ধিমানব,
কলহত ব্যসনত
নিদ্ৰাত নতুবা মূৰুখৰ।
( ১৪ )
কামধেনুতুল্য গুণ বিদ্যাৰ সততে
অকালতো ফল পোৱা যায়,
প্ৰবাসত বিদ্যা হয় মাতাৰ সদৃশ
বিদ্যা হেন গুপ্তধন নাই।