পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সামৰণি


আকৌ সোৱণশিৰী নৈৰ বুকুত

 পানেই পলাবৰ আৰু জঙ্কিয়ে তাইক বিচাৰি যাবৰ ছমাহ হল। এই ছমাহে সিহঁতৰ একো খৱৰ নোলাল। পানেইৰ মাক-বাপেক পানেইৰ শোকত দিনে দিনে ক্ষীণাই যাব ধৰিলে। নিৰমায়ে মাজে মাজে বুকুত ভুকুৱাই কান্দিব ধৰিলে। দুবাৰ এবাৰ বুঢ়া তামেদকো গালি-গালাজ কৰিবলৈ নেৰিলে। ইফালে কমুদে টকা-সিকাও নাপালে, পানেইকো নাপালে। সি তামেদৰ ওপৰত গোচৰ লগালে। পাঠক, আমি এবাৰ ডালিমীক চাওঁগৈ বলা। ডালিমীয়ে জঙ্কিক ফিৰি অহা নেদেখি সদায় পুৱা-গধূলি একোবাৰ নৈৰ ঘাটলৈ যাব ধৰিলে আৰু আই সোৱণশিৰীৰ ফাললৈ চাই চাই মাজে মাজে দুই-একোটা দীঘল হুমুনিয়াহ কাঢ়িব ধৰিলে। এইদৰে দুয়োখন গাৱঁতে চাৰিটা প্ৰাণীয়ে কষ্ট পালে।

 এদিন বুঢ়ী নিৰমাই শুই আছে। এনেতে সপোন দেখিলে যেন তাইৰ পানেই আৰু জঙ্কি দুয়ো আগতকৈও বৰ ধুনীয়া হৈ চিকুণ সাজেৰে তাইৰ আগত দেখা দিছে। তাই যেন হাত বাও দি দি দুয়োটাকে মাতিলে। সিহঁত যেন এটা পৰ্ব্বতৰ ওপৰত দুয়ো হাতত ধৰাধৰিকৈ ফুৰিছে। নিৰমায়ে দুয়োটাকে মাতিলে—"বাছা তহঁত আহ।" সিহঁত দুয়ো উত্তৰ কৰিলে—"আই যাব নোৱাৰোঁ, ইয়াৰ পৰা নামিব নোৱাৰোঁ।" বুঢ়ীয়ে ফেঁকুৰি ফেঁকুৰি কান্দিব ধৰিলে।