পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
মিৰি-জীয়ৰী

টোপনি ভাগিল। কান্দি কান্দি চকু-মুখ মোহাৰি দেখে যে ৰাতি পুৱাইছে। ৰঙা ৰ'দে দেখা দিছে। হাতে কাষে কলহ লৈ বুঢ়ী সোৱণশিৰীৰ ঘাটলৈ পানী আনিবলৈ গল। তাত গৈ দেখে দ পানীত কিবা দুটা ভাঁহি আছে। পানী লৈ বুঢ়ী উভতি আহিল। মনতে খুঁহ-ধুঁহ কৰি কথাটো তামেদক কলে। তামেদে গাঁৱৰ মানুহ-দুনুহ লৈ গল। লগতে নিৰমা আৰু সোৱণশিৰীৰ পাৰৰ এটি অতি বয়সিয়াল বুঢ়া সোণাৰীও গল।

 চৰি বঠাৰে সেই বস্তু দুটা খুচি-বিন্ধি চাই দেখে যে দুটা শৱ। পাৰলৈ চপাই আনি দেখে যে দুয়ো যোৰা লগা। ইটোৰ ওপৰত সিটো তলে-ওপৰে বন্ধা। সিহঁত দুইৰো গলেদি এডাল শাল। দুই হাতত দুডাল শাল। দুই ভৰিত দুডাল শাল। বুকুত এডাল, কঁকালত এডাল। বুঢ়া সোণাৰীয়ে তত্ক্ষণাৎ কব ধৰিলে—"এইটো গাছি মিৰিৰ কাম?" শৱ দুটা ভালকৈ ওলটাই লাৰি-চাৰি চাই দেখে যে সেই দুটা "পানেই" আৰু "জঙ্কি"ৰ। আচাৰ খাই বুঢ়া-বুঢ়ী মাটিত পৰিল। সাবট মাৰি শৱ দুটা ধৰিলেগৈ। গাৱঁৰ আন আন মানুহ, ৰকমী, ভাদৈ ইত্যাদিয়ো চাপিল। সকলোৱে কান্দিব ধৰিলে। কান্দি কান্দি চকুৰ লো টুকি ৰকমী ভাদৈয়ে সিহঁত দুইওটাৰ গালৈকে ফুল ছটিয়াব ধৰিলে। শৱ দুটি গাঁৱৰ মানুহে লৈ গল। আৰু মিৰিৰ দা-দস্তুৰ মতে তুলি নি ক্ৰিয়াকলাপ কৰিলে।

 আৰু পাঠক! ডালিমী। ডালিমীয়েও এই বাতৰি শুনিলে। মানুহৰ আঁৰে আঁৰে তাই কান্দিলে। তাই সোৱণশিৰীৰ পাৰলৈ গৈ এবাৰ পানীলৈ, এবাৰ আকাশলৈ, এবাৰ মিৰি ডফলাৰ পৰ্ব্বত লালীৰ ফাললৈ চাব ধৰিলে—এইবাৰ হৃদয়ৰ আশালতা একেবাৰে উচ্ছেদ হল।