পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ল’ৰাটোৰ এই কথাত ছোৱালীজনীয়ে খিল খিল কৰি হাঁহি কলে— “জঙ্কি মই একো দুখ পোৱা নাই।” ল’ৰাটোৰ নাম “জঙ্কি” আৰু ছোৱালীজনীৰ নাম “পানেই”। তেতিয়া জঙ্কিয়ে কলে— “পানেই আমি আৰু ইয়াত নাথাকোঁ, যাওঁ বল।” পানেই—“এৰা বল গুচি যাওঁগৈ। গধূলিও হৈছে।”

 তেতিয়া এই মিৰি ল’ৰা-ছোৱালী হালেই দুয়ো নাৱত উঠিলগৈ। ল’ৰাটোৱে গুৰিত থিয় হৈ গুৰি-বঠাপাত চলাব ধৰিলে। ছোৱালীজনীয়েও আগত থিয় হৈ আগ-বঠাপাত চবিয়াব ধৰিলে। নাৱৰ চাবে চাবে ছোৱালীজনীয়ে গাব ধৰিলে:—

(ঙ)
(১)

দূৰৈকৈ নলবি বূঁই ঐ চেনেঙা (চ)
দূৰৈকৈ নলবি বূঁই,
আয়োঁতে বিষাব লায়ৰী কঁকাল ঐ
যাওঁতে বিষাব বৰি।

তাৰ পিছত ল’ৰাটোৱেও গালে:—

(২)
বৰে নৈৰ নিৰেমল পানী ঐ কনেঙ্ (ছ) ঐ
বৰে নৈৰ নিৰমেল পানী
তাতোকৈ নিৰেমল সৰুটি কনেঙ্ ঐ
যেন চৰিয়াৰে পানী।


 (ঙ) মিৰি জাতিয়ে অসমীয়া কথা কলে সদায় ‘খ’ ৰ ঠাইত ‘ক’, ‘ঘ’ ৰ ঠাইত ‘গ’, ‘ঠ’ ৰ ঠাইত ‘ট’, ‘ঢ’ ৰ ঠাইত ‘ড’, ‘ফ’ ৰ ঠাইত ‘প’, ‘ভ’ ৰ ঠাইত ‘ব’, ‘হ’ আৰু ‘স’ ৰ ঠাইত ‘অ’ উচ্ছাৰণ কৰে।

 গীতত থকা মিৰি ভাষাৰ শব্দবিলাকৰ অৰ্থ

 (চ)“চেনেঙা”—মৰমৰ ডেকা।

 (ছ)“কনঙা”—মৰমৰ গাভৰু।