পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 এইদৰে নাম গাই গই থাকোঁতে থাকোঁতে নাও সিপাৰ পালেগৈ। তেতিয়া মিৰি ল’ৰা-ছোৱালী হালেই পাৰত নাও এৰি নামিল। ঘৰাঘৰি যাবৰ পৰত পানেয়ে জঙ্কিক ক’লে,—“হেৰ জঙ্কি! হেৰ জঙ্কি! কাইলৈ আমাৰ ঘৰত ধেমালি হব। তই আহিবি দেই।”

 জঙ্কি—“বাৰু যাম দেই পানেই।”


————