পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নাপালে জীৱ নাথাকে। সোৱণশিৰীৰ শীতল পানী নাখালে সিহঁতৰ পিয়াহ নপলায়। আই সোৱণশিৰীৰ কোলাত সৰু সৰু নাৱত উঠি উমলিব নাপালে মিৰিহঁতৰ মনত ৰঙ নালাগে। সেইদেখি এই মিৰি জাতিৰ অধিকাংশ মানুহেই আই সোৱণশিৰীৰ পাৰত বাস কৰে। ঠায়ে ঠায়ে সোৱণশিৰীৰ দুয়ো পাৰে মিৰিহঁতৰ গাঁও। কতবা হয়তো এপাৰে মিৰিৰ গাঁও আন পাৰে হাবি। সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে।

 এনেকুৱা এখন মিৰিগাঁৱৰ পশ্চিম ফালে দুখন আহু ধানৰ ভূঁই আছিল। সেই ভূঁই দুখন সোৱণশিৰী নৈৰ পাৰতে। মুঠতে গড়াৰপৰা দহ বাৰ নল দূৰ। ভূঁই দুখনৰ মাজত দুখন চাঙ। মুঠেই পাঁচ ছয় নলৰ আঁতৰা আঁতৰি। এই চাঙ দুখনৰ এখনত এজনী আঠ নও বছৰ বয়সীয়া ছোৱালী। আনখনত এটা তেৰ-চৈধ্য বছৰ বয়সীয়া ল’ৰা। দুইৰো হাতত দুডাল টকা। মাজে মাজে টুনী টোকোৰা ইত্যাদি চৰাই ধানত পৰে। সেই চৰাইবিলাকক ল’ৰা-ছোৱালীহালে টকা কোবাই কোবাই খেদিছে।

 বেলি প্ৰায় চাইটামান বাজিল। সূৰুয দেৱতাই লাগে লাহে পশ্চিম আকাশত ঠাই ললেগৈ। ৰ’দৰ কিৰণ সোৱণশিৰী নৈত পৰি জিল্‌মিলাইছে। ল’ৰা-ছোৱালীহালে অকলৈ অকলৈ বহি আছে। এনেতে সিফালে হাবিৰ পৰা এটা ভালুক ওলাল। ভালুকটো ওলোৱা মাত্ৰেই ল’ৰা-ছোৱালী হালৰ জীৱ উৰি গ’ল। দুয়ো আতুৰ হৈ দৌৰ মাৰিলে। দৌৰত সাত আঠ নল গৈয়েই, ছোৱালীজনী উজুতি খাই পৰিল। কিন্তু তৎক্ষণাত ভালুকৰ ভয় পাছ কৰিও ল’ৰাটোৱে আহি ছোৱালীজনীক তুলিলে আৰু সুধিলে — “পানেই দুখ পালিনে কি?’’