মেখেলাৰে সজ্জিত দেখি চকুৰ তৃপ্তি লভিছিল সেই পানেইৰ গাত আজি গাছি মিৰিয়নীৰ সাজ। লগত কেতবোৰ পৰ্ব্বতীয়া মণি, কঁকালত মুঠেই এহাতমান বহল এডুখৰি কাপোৰ। পানেয়েও জঙ্কিক সেইদৰে গাছি মিৰিৰ সাজ পিন্ধা দেখি মনে মনে দুঃখীত হল। তাইৰ চকুৰ পৰা আপোনা-আপুনি লো বলে। কিন্তু যাহক চাৰি চকুৰ মিল হোৱাত দুয়ো মনতে আনন্দ লভিলে। জঙ্কিয়ে পেটে সৈতে পানেইক মাতো মাতো বুলি আন্দাজ কৰিলে। চতুৰী পানেয়ে তেনেকুৱা ভাব দেখি চকুৰ ঠাৰেৰে তাক হাক দিলে। সিও মনে মনে থাকিল। কিন্তু আলেখ-লেখ ৰাখিলে সিহঁতনো ক'লৈ যায়। যেতিয়া সি দেখিলে যে সি থকা গাঁৱলৈকে পানেয়ো আহিছে আৰু সদায় সেই গাঁৱতে থাকিব তেতিয়া তাৰ মনত বৰ ৰঙ লাগিল। সি পেটে সমন্বিতে ভাবিলে ঈশ্বৰ কিজানি এতেদিনে সিহঁতলৈ প্ৰসন্ন হল। মনতে সেই নজনা জনাক ধন্যবাদ দিবলৈ ধৰিলে। কিন্তু পানেয়ে সৈতে কথা-বতৰা পাতিবৰ একো সুবিধা কৰিব নোৱাৰিলে। যাহক সদায় সি আৰু পানেয়ে চল চাবলৈ কম নকৰিলে।