পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 পানেই—"ছিঃ! তই বাল মানু য়ৈ আমাৰ মিৰিয়নীতো চকু দিয়। আমি তয়ঁতৰ বেটীৰ জোৰৰো নয়ঁও।"

 ডেকা—"পানেই তই যদি বেটী ছোৱালীও হলিহেঁতেন, তথাচ তোক মই নেৰিলোহেঁতেন। পানেই মোৰ প্ৰাণ শীতল কৰ।"

 এইবুলি ডেকাজনে আকৌ জাপ মাৰি পানেইক ধৰিলে। কিন্তু ধন্য মিৰি জীয়ৰী মোৰ! তাই লক্ষ্যভ্ৰষ্ট নহল। নিজৰ সতীত্ব ৰক্ষা কৰিলে, অথচ চিঞৰ-বাখৰ নকৰিলে। ডেকাটো ভাগৰি আঁতৰ হলতে তাই কবলৈ ধৰিলে—

 "চাচোন? মই কত দুখ পাই আই-বোপাইকো এৰি পলাইছোঁ। এতিয়া নিশা তয়তৰ গৰতে চাপিলোঁ, কি জানি এই দুককৰ অংয়াৰতো মই এপেৰা নিকা চাইদাৰ জিৰাবলৈকো পাওঁ। কিন্তু তই মোৰ আশ্ৰয়দাতা হৈয়ো মোক অইনায় কৰিবলৈ বিচাৰিলি। য়েন জানি বাগে খাওক বালুকে খাওক মই যাওঁ গৈ" এই বুলিয়েই উচাট মাৰি তাই ওলাই গল।

 পাঠক! আমাৰ এই ডেকাটোও নিতান্ত চিত্তহীন নহয়। তাৰ নিচা এৰিলত পানেইৰ তেজোনয় শেষৰ কথা কেইফাকিয়েই তাৰ জ্ঞানচকু মুকলি কৰিলে। সি জানিব পাৰিলে প্ৰকৃততে সি বৰ গৰ্হিত কাম কৰিছে। নিজৰ মনটো দুঃখিত হল আৰু মনে মনে প্ৰতিজ্ঞা কৰিলে যে সি আৰু এনেকুৱা কাম নকৰে।

 দুঃখিত অন্তঃকৰণেৰে সৈতে সি পানেইক কবলৈ ধৰিলে—"পানেই তই নাযাবি। আজি নিশা ইয়াতে খাই-বই থাক। তোক আৰু মই বেজাৰ নিদিওঁ। যিমান পাৰোঁ তোক সহায়হে কৰিম।"