নহল। কিন্তু ডেকাজন নিতান্ত অথিৰ হৈ উঠিল। তাৰ প্ৰথমেই ভাব হল পানেই গাভৰু; তাৰ পাছত ধুলো ধুলো চকু দুটাৰে চাবলৈ ধৰিলে। দেখিলে পানেই শুৱনী! তেতিয়া সি কবলৈ ধৰিলে—"তই দেখিবলৈ বাৰু অ।"
পানেই—"জানো। অলে অব পাৰোঁ।"
ডেকা—"য়য় আৰু নয়য়নো কেলেই।"
পানেই—"অলুয়েই বা কিনো অল।"
ডেকা—"একো নাই য়োয়াতো। তোৰ নামটোনো কি?"
পানেই—"পানেই।"
ডেকা—"তোৰ নামটোও বাৰু।"
পানেই—"এৰা মোৰ অকলো বাৰু।"
ডেকাজনে এই কেইফাকি কথা-বতৰা হৈয়েই উত্ৰাৱল হল। পাঠক! কবলৈ লাজ লাগে-ডেকাজনে অত্যাচাৰ কৰিব মনেৰে পানেইৰ সৈতে দবৰা-দবৰি লগালে। কিন্তু ধন্য মোৰ মিৰি জীয়ৰীৰ বল। তাইক সি বলে নোৱাৰিলে, সি তাইৰ সতীত্ব নষ্ট কৰিবলৈ পৰাগ নহ'ল। শেহত অতি নৈৰাশ মনেৰে সি পানেইক ক'লে—
"পানেই মই বৰ বেয়া পালোঁ।"
পানেই—"ছিঃ তই এনেবোৰ লাজ লগা কথা কৱ। এইবিলাক পাপ।"
ডেকা—"মই তোক পালে সকলো পাপকে কৰিব পাৰোঁ। মই যাওঁ যাম নৰকলৈ। কিন্তু পানেই! তই মোৰ আশা ছেদ কৰিব নালাগিছিল।"