পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 ডেকাজনে যে গাঁৱৰ একেবাৰে চহা বিধৰ মানুহ সেইটি নহয়। তেওঁৰ ভৰিত সদায় জোতা। মূৰটিও সদায় চিকুণে মেলোৱা। আৰু এইবিলাকৰ লগে লগে তেওঁৰ গাত বাবুয়নিৰ আন আন চিনবিলাকো আছিল। তেওঁ গাঁৱত থাকিয়েই ইংৰাজী সুৰাও সেবিবলৈ শিকিছিল। আনকি সভ্য সমাজত ঠায়ে ঠায়ে গণ্যও হৈ ফুৰিছিল।

 পানেইক পানী-দুনী খুৱাই অলপ ঠাণ্ডা কৰি গধূলি হৈ আহিলত ডেকাজনে লাহে লাহে হাতত এটা বটল, গিলাচ এটাৰে সৈতে লৈ চৰা-ঘৰত বহি তেওঁ চাকৰক ধপাত খুজিলে। চাকৰে ধপাত আনি দিলে। তেতিয়া তেওঁ ধঁপাত খাই খাই পানেইক সুধিলে।

 "তই দম্পাত কাৱনে?"

 পানেই-"কাঁওঁ।"

 তেতিয়া ডেকাটোৱে আগ্ৰহেৰে সৈতে পানেইক চিলিমটো দিলে। পানেয়েও ধপাত খাব ধৰিলে। তেতিয়া ডেকাটোৱে বটলৰ পৰা গিলাচত সুৰা ঢালি পানেইক আকৌ সুধিলে—"তই আপং (ক) কাৱনে?"

 পানেয়ে এই কথাত পেটে পেটে ভাবিলে যে তাইি আজি তিনিদিন অনাহাৰ। শৰীৰত বৰ ভাগৰ লাগিছে। সদায় খাই-বই থকা এটুপি আপং পালে তাইৰ শুকান গললৈ ৰস আহে। ভাগৰ লগা দেহটোত অলপ বল হব ইত্যাদি ভাবি-চিন্তি তাই ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া আমাৰ এই ডেকাজনে গিলাচে গিলাচে পানেইক মদ দিবলৈ ধৰিলে আৰু নিজেও খাবলৈ ধৰিলে। পানেয়ে তিনি-চাৰি গিলাচ মদ পেটত পেলালে তেও তাই অথিৰ বা মতলীয়া


 (ক) আপং—মদ