সেই নিশা পানেই গাঁৱৰ ওচৰৰ হাবিৰ মাজতে থাকে। ৰাতি পুৱালত তাই হাবি ফালি উত্তৰ ফাললৈ মুখ কৰি যাবলৈ ধৰিলে। বাঘ, বালুক ইত্যাদিৰ ভয়ত তাই আঠুকি আঠুকি দৌৰিবলৈ ধৰিলে। তাই কলৈনো যাব কিনো কৰিব ইয়াৰ একোকে থিৰ কৰিব নোৱাৰিলে। তথাচ তাই যাবলৈকে ধৰিলে। দিনটো গৈ গৈ ভাগৰ লাগিল। ৰাতি হল, এজোপা গছৰ তলতে প্ৰাণৰ মায়া এৰিও পৰি থাকিল। পিছদিনা ৰাতিপুৱাই তাই আকৌ যাবলৈ ধৰিলে। আৰু এইদৰে তিনিসাজ লঘোণ খাতি গধূলি এখন হিন্দুৰ গাঁও পালেগৈ। তাত হাবিৰ পৰা ওলাই সেই গাঁৱৰে এঘৰ মানুহৰ ঘৰত চাপিল আৰু আতুৰ মাতেৰে পানী এটোপা খুজি খাই নিশাটো তাতে থাকিবলৈ মন কৰিলে।
যি মানুহৰ ঘৰত পানেই চাপিছিল গাঁৱৰ ভিতৰত সেই মানুহঘৰেই চহকী। সেইঘৰৰ দুই-তিনিটা ডেকা আছিল। ডেকাকেইজনে অলপ অলপ লেখা-পঢ়াও জানিছিল। এজনে ছাত্ৰবৃত্তি পৰীক্ষাও পাছ কৰিছিল। এই ডেকাটোৰ বয়স প্ৰায় পঁচিশ বছৰ। সি পানেইক দেখিলে যে তাই মিৰিয়নী হলেও দেখিবলৈ শুৱনি। তাইনো কৰ, কৰ পৰা আহিছে, কিয়নো এনেকৈ হাবিৰ মাজে মাজে ফুৰিছে, এইবিলাক কথা তাৰ জানিবলৈ ইচ্ছা হল।