পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মিৰি-জীয়ৰী
 

শীতল কৰিবলৈ “মুগ্‌‌লীং মিৰেমাক” (গ) "তাঙ্গ লেছিনাক্‌ চিনেক তাঙ্গ একি ৰাক্ বেচিনেক্ বেচি তাম কনেক্ বিদাক্‌ বঙ্কে, চিনকে তাককনে, টুকুইয়া আকিয়ে, কিময়কা, আচাৰে বিবি মতৈকা" (ঘ) ইত্যাদি বুলি তুতি কৰা মিৰিহঁতৰ সোৱণশিৰী আইৰ শীতল বতাহ


 (গ) মুগলীং মিৰেমা—এওঁলোক বিজুলী আৰু মেঘৰ দেৱতা। সোৱণশিৰী নৈৰ পাৰত থকা মিৰি গাঁওবিলাকত অনেক সময়তে চৰগ পৰে। সেইদেখি আৰু সাধাৰণতঃ বিজুলীৰ ছটামতা দেখিলে, মেঘৰ গাজনি শুনিলে ভয় লাগে দেখি স্বভাৱত অজলা মিৰি জাতিয়ে বিজুলী আৰু মেঘক দুজনা ডাঙৰ দেৱতা বুলি ভাবে। গাহৰি এটাক ধুৱাই পখলাই পাত এখনত জীয়াই জীয়াই পেলাই লয়। তাৰ পিচত মাৰি এডালেৰে মূৰত মৰিয়াব ধৰে। মূৰটো ফাটিলে যি তেজ ওলায় সেই তেজ টোপা আন এখন পাতত ধৰি মুগলীং মিৰেমাৰ নামেৰে তলত লেখা বচন মাতি উছৰ্গা কৰে।

 (ঘ) “বিজুলী আৰু মেঘ” আমি তোমালোকক এটা “৫ বছৰীয়া” “৪টা বগা খুৰা থকা” “শিঙাল” “দঁতাল” গাহৰি দিলোঁ। তোমালোকে ইয়াকে খাই আমাক ভালে ৰাখা। আমাৰ যেন মূৰৰ কামোৰ, পেট বেয়া নহয়। আমাক শীতলে ৰাখা।

 পাঁচ বছৰ বয়সীয়াল বুলিলেই গাহৰিটো প্ৰকৃততে পাঁচ বছৰ বয়সীয়া সি নহয়। পাঁচ বছৰ বয়সীয়া অৰ্থে ডাঙৰ। মিৰিৰ হেচাপ মতে পাঁচ বছৰ হোৱাই গাহৰিৰ ডাঙৰ আৰু শকত হোৱাৰ চিন। দুবছৰীয়া গাহৰ এটি দিলেও ৫ বছৰৰ নাম লয়। গাহৰিৰ দাঁত থাকে; শিং নাথাকে। শিঙাল বোলাৰ ভাব এই যে আগেয়ে মিৰিসকলে গৰু মহো পূজাত লগাইছিল আৰু খাইছিল, কিন্তু আজিকালি হিন্দুৰ সংসৰ্গত পৰি আমাৰ ভৈয়ামৰ মিৰিয়ে গৰু-মহ খাব এৰিছে। মূৰৰ কামোৰ মিৰিসকলৰ এটি সাধাৰণ ৰোগ। তেওঁবিলাকে বৰকৈ মদ খায়। সেইদেখি মূৰৰ কামোৰ সৰহ। পেট বেয়ালৈ মিৰিয়ে বৰ ভয় কৰে। আনকি জহনী লাগিলে মৰা মানুহকো পেলাই থৈ হাবিলৈ পলায়। যি বাটেদি পলায় সেই বাটটোও হাবি কাটি কাটি মাৰি যায়, যাতে জহনীৰ দেৱতাই বাট চিনি যাব নোৱাৰে। মিৰিসকলে অলপ গৰমকে বৰ গৰম বুলি ভাবে; কাৰণ প্ৰবাদ আছে তেওঁবিলাক আগেয়ে পৰ্ব্বতৰ শীতল ঠাইৰ মানুহ আছিল।