পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


নোৱাৰে।পৰ্বতৰ শীতল ঠাইৰ পৰা নামি অহা মিৰিহঁতৰ (ক) আইৰ কাষত নাথাকিলেই নহয়।"চৰগ পূজাত" (খ) সিহঁতক


 (ক) মিৰিসকলৰ নিজৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে তেওঁবিলাক আগেয়ে শদিয়াৰ ওপৰৰ বৰ আবৰৰ লগৰ মানুহ আছিল। তাৰ পিছত দেশত, সদায় খেলে খেলে কটা-ছিঙা হৈ থকাত তাত থাকিবলৈ শঙ্কা যেন বিবেচনা কৰি আমাৰ ভৈয়ামলৈ নামি আহে। তেওঁবিলাকে হেনো যি বাটে তৰা, কচু ইত্যাদি গছ আছিল সেইবিলাক বাটৰেহে আহিছিল।আহোঁতে সেই গছবিলাক কাটি কাটি থৈছিল। এফালৰ পৰা কাটি আহে মানে সেই গছবিলাক আকৌ গজালি মেলিছিল। বৰ আবৰে গছবিলাকৰ গজালি মেলা দেখি "মিৰিহঁত বহুদিনৰ আগেয়ে পলাইছে; সিহঁতক আৰু খেদি লগ পোৱা নাযাব"ইত্যাদি বিবেচনা কৰি উলটি গল। মিৰিসকলে তেতিয়া আহি ভৈয়ামত বসতি কৰে। তেওঁবিলাকৰ প্ৰধান খেল দুটা,-দহ গামৰ খেল, আৰু বাৰে গামৰ খেল। বাৰে গামৰ খেলৰ ভিতৰত হেনো চুতীয়া, দৈতিয়াল ইত্যাদি সৰু সৰু খেল আছে। দহ গামৰ খেলত আয়েঙিয়া, মায়েঙিয়া, চাৰেঙিয়া, দামুকিয়াল, শামুগুৰিয়া ইত্যাদি খেল আছে। এই গোটেই বিলাকেই আমাৰ ভৈয়ামত থকা মিৰি খেল।পৰ্বতৰ ওপৰতো নানা জাতৰ মিৰি আছে। ইহঁত এতিয়াও বৰ অসভ্যই হৈ আছে।সিহঁতৰ অনেক খেল আছে শুনা যায়। গাসি, ঘাসি, সাৰোগ, চিলি ইত্যাদি পৰ্বতীয়া মিৰি খেলৰ কথা আমি শুনিছোহঁক। আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ, খোৱা-লোৱা, আমাৰ ভৈয়ামৰ মিৰি আজিকালি অসমীয়া। তেওঁবিলাকৰ বেলেগ মাত থাকিলেও সকলোৱে অসমীয়া কথা কয়।কানি-কাপোৰ অসমীয়া মানুহৰ দৰে পিন্ধে। তেওঁবিলাকে হিন্দু ধৰ্মও লৈছে।

 (খ) "চৰগ পূজা":-ই এটা মিৰি জাতীয় দৈবিক ক্ৰিয়া। ধন থকা যেই সেই মিৰিয়ে ইয়াক কৰিব পাৰে। পূজা বছৰেকে বা তিনি-চাৰি বছৰৰ আঁতৰে আঁতৰে কৰিব পাৰে। যি মানুহে এই পূজা এবাৰ কৰে সি সেই পূজা নিয়মিত সময়ত সদায় কৰি থাকিব লাগিব। পৰিয়ালটোৰ সকলোৰে ভালৰ অৰ্থে এই পূজাটো কৰে। ইয়াত মেঘ,বিজুলী,চন্দ্ৰ,সূৰ্য্য,তৰা,মাটি,পানী ইত্যাদি প্ৰকৃতিৰ দেৱতাসকলক মদ,গাহৰি,কুকুৰা দি পূজে। ক্ৰিয়া বহুত। ঠাইৰ অভাৱত ইয়াত বিস্তাৰিত বিৱৰণ দিব পৰা নগল।