হাবিৰ মাজত
সোৱণশিৰী নৈৰ পাৰত হাবি। সেই হাবি বৰ ডাঠ। আনকি অহা-যোৱা কৰাই কষ্টকৰ। সেই হাবিৰ মাজতে এযুৰি পঁজা। এই পঁজাৰ ভিতৰত এহাল মানুহ। এটা মতা, এজনী মাইকী, অথবা এটা ডেকা, এজনী গাভৰু। পাঠক ইহঁত কোন চিনি পাইছেনে? ডেকাজন “জঙ্কি’’, গাভৰুজনী “পানেই’’।
সেই নিশা জঙ্কি আৰু পানেই নাৱত উঠি পলোৱা মাত্ৰেই মিৰিবিলাকে পিনাপিনকৈ গাঁৱৰ ওচৰে-সামৰে বিচাৰিব ধৰিলে। নিশাটো বৰ আন্ধাৰ আছিল। সেইদেখি অলপ বিচাৰি মিৰিহঁত ক্ষান্ত হল। পাছদিনা ৰাতিপুৱা সোৱণশিৰী মিৰি গাঁৱৰ মিৰিহঁতে পূবে, পশ্চিমে, উত্তৰে, দক্ষিণে দিহা-দিহি পানেইক বিচাৰিব ধৰিলে। পানেই-জঙ্কিয়ে জানিলে যে নাৱেৰে গৈ থাকিলে সিহঁতৰ বিপদ আছে। সেইদেখি ৰাতিপুৱাতে নাওখন বঠা দুপাটে সৈতে সোৱণশিৰীত উটুৱাই দি হাবিৰ মাজত সোমাল। আৰু দিনৰ দিনটো হাবিৰ মাজত ফুৰি গধূলি হওঁ হওঁ হওঁতেই ঘূণাসুঁতিৰ ওচৰতে হাবিত ঠাই ললে। পৰ্ব্ব বন্দৱস্ত মতে নাওখন ভটিয়াই গল। ডালিমীৰ বাপেকে ধৰি ৰাখিলে।
সোৱণশিৰীৰ মিৰিহঁতে ঘূণাসুঁতি গাঁও আৰু আন আন মিৰি গাঁৱতো পানেইৰ বুজ ললে। কোনেও ক'তো সিহঁতক পানেইৰ