পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
মিৰি-জীয়ৰী

কথা কব নোৱাৰিলে। কিন্তু সিহঁতে এইটো ঠাৱৰ কৰিব পাৰিলে যে জঙ্কিও ঘূণাসুঁতিৰ গাঁৱত নাই। সেইদেখি এইটো থিৰ হল যে, জঙ্কিয়েই এনে ফাঁকি কাম কৰিলে। সাত-আঠ দিন বিচাৰি নেপাই সিহঁতে পানেইৰ আশা এৰি দিলে।

 জঙ্কিয়ে গধূলি গধূলি সহৃদয়া ডালিমীৰ সহায়ত সি গোটোৱা টকাৰে সৈতে গাঁৱৰ পৰা চাউল, লোণ, তেল ইত্যাদি কিনি নি হাবিৰ ভিতৰত পানেইৰে সৈতে খাই-বই এমাহ সময় কটালে। পানেই-জঙ্কি ইহঁত দুয়ো জানিলে বিধাতাই সিহঁতৰ দুইকেহে যোৰা বান্ধিছে আৰু সিহঁতেও কাৰ্চিং-কাৰ্টানক সাক্ষী কৰি প্ৰণয় প্ৰতিজ্ঞাত আবদ্ধ হৈছে। মাক-বাপেকে নিদিলেও পানেয়ে ঠিক কৰি জানিছে— জঙ্কিয়েইহে তাইৰ প্ৰকৃত গিৰিয়েক। জঙ্কিয়েইহে তাই প্ৰকৃত চেনেহৰ বস্তু। সেইদেখি পানেয়ে সৰল প্ৰাণেৰে হোজা মনেৰে জঙ্কিক হৃদয়ত ঠাই দিলে। মোৰ আঁকৰী মিৰি-জীয়ৰীয়ে জঙ্কিৰ ভৰি দুখনত মন-প্ৰাণ সমৰ্পণ কৰিলে।

 এইদৰে এমাহ সময় গল। জঙ্কিয়ে-পানেয়ে আলচিলে সিহঁতে এতিয়া ওলাই হয় মাজুলিৰ কোনো মিৰি গাঁৱত নহয় খেৰকটিয়াত, নহয় মাছখোৱা অঞ্চললৈ গৈ দেখাদেখিকৈ বসতি কৰিব। এই সংকল্প কৰি এদিন দুইও প্ৰণয়-প্ৰণয়িনী জুইৰ কাষত বহিছে। আৰু দুয়ো মিলি ভাত ৰান্ধিছে। এনে সময়তে সিফালৰ হাবিৰ মাজত অলপ খুচ্‌ মুচ্ কৰিলে। দুইৰো মনত অলপ সন্দেহ হল। কিন্তু সাজু হবলৈ নৌপাওঁতেই হুৰুম কৰি প্ৰায় পোন্ধৰটামান মিৰি আগতে কমুদে সৈতে ওলালহি। বুঢ়া তামেদে তত্ক্ষণাৎ জীয়েকৰ হাতত ধৰিলে আৰু কমুদে পোনেই জঙ্কিক “কুকুৰ! নিলাজ! চোৰ’’ বুলি ঘোচা এটা মাৰিলে।