পৃষ্ঠা:মালিতা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৫
মালিতা।

তেওলোকৰ বিশেষকৈ ৰাণীৰ যে কেনেকুৱ৷ অৱস্থা ঘটিছিলে, তাক আমি লিখি অন্ত কৰিব নোৱাৰো! পাঠক! আমাৰ লেখনী কঁপিছে! আমি আৰু সৰহকৈ লিখিব নোৱাৰিম। আপোনাসকলে নিজে নিজেই বুজি লব। আমি মুঠে চুম্বককৈ আৰু কেই এসাৰমান কথাহে লিখিম, তাৰ পাচতেই সামৰণী।

 তেঁওলোকে কান্দি কান্দি মালিতাৰে অভয়ৰাম সলাল গোহাঁইৰে শৱ দুটি নৈৰ দাতিলৈ লই গ’ল আৰু তেঁওলোকৰ দেশাচাৰ মতে একেলগে শ দুটি দাহ কৰিলে! সলাল গোহাঁইৰে মালিতাৰে দেহা দুটি দেখোঁতে দেখোঁতে ভস্ম হই উৰি গ’ল।

 ঘৰলৈ উলটি আহিবৰ সময়ত, ভীমবল কোঁৱৰে দাহ কৰা ঠাইডোখৰৰ ফালে চাই, কান্দি কান্দি ক’লে, “মালিতা! মৰমৰ ভনীটি! মই মহাপাপী; তুমি মোক ক্ষমা কৰিবা। তুমি সতী, তুমি সতী তিৰোতাৰ এটি জ্বলন্ত দৃষ্ট্বান্ত, তুমি ক্ষমা কৰিলেই, মোক ঈশ্বৰেও ক্ষমা কৰিব। মালিতা। প্ৰাণৰ ভনীটি! তুমি প্ৰকৃততে সতী, তুমি সতীত্বৰ জ্বলন্ত দৃষ্ট্বান্ত দেখুৱাই, জগতত অক্ষয় কীৰ্ত্তি ৰাখি