পৃষ্ঠা:মালিতা.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
মালিতা।

গ’লা। তোমাৰ নাম জগতত অনন্ত কাললৈ জলি থাকিব। কছাৰী ৰাজ্যৰ ঘৰেঘৰে যেতিয়া দুটি তিনটি তিৰোতা গোট খাব—তেতিয়াই তোমাৰ সতীত্বৰ কথা ওলাব। মালিতা! প্ৰাণৰ ভনীটি! তুমি স্বৰ্গলৈ যোৱাগৈ, স্বৰ্গত গৈ, স্বামীয়ে সৈতে অনন্ত কাললৈ অনন্ত সুখ ভোগ কৰাগৈ।” এই বুলি ভীমবলে ইনাই বিনাই কান্দিবলৈ ধৰিলে। শত্ৰু দমন আৰু ৰাণীৰ কান্দোনত সাতগাঁৱৰ কোঠ প্ৰতিধ্বনীত হৈ উঠিলে!!

 কান্দি কান্দি ৰাণীয়ে কলে,—“আই মালিতা। যাগৈ। স্বৰ্গত তোৰ মনৰ কামনা পূৰ হোক।” ভীমবলে কলে, “ ভনীটি! প্ৰাণৰ ভনীটি! তুমি যোৱাগৈ।”

 প্ৰতিধ্বনীয়ে কলে, “তুমি যোৱাগৈ।”

 

(অন্ত)