পৃষ্ঠা:মালিতা.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
মালিতা।

মোৰ কথালৈ অলপো কান নকৰিলে। সেই যাহক’ আমি এতিয়া সাতগাঁৱৰ কোঠৰ ফালে যাওহক, দেখা যাওক, মালিতাৰ কোনো চিনবান তাত পোৱা যায়নে নেযায়। এই বুলি ভীমবলক লগত লই শত্ৰুদমন সাতগাঁৱৰ কোঠৰ ফালে খোজ ললে। পুতেক হতঁৰ লগতে কান্দি কান্দি ৰাণীও গল।

 গই গই তেঁওলোকে সাতগাঁৱৰ কোঠ পালেগৈ; দেখিলে, মালিতাৰ তেজেৰে-বাঙ্গলী হই থকা শৱটো সলাল গোহাঁইৰ শৱটোৰ ওপৰতে পৰি আছে!! ইমান বেলি, তেঁওলোকে মালিতাই আত্ম হত্যা কৰিছে বুলি ভবা নাছিলে, তেঁওলোকে ভাবিছিলে, মালিতাই সম্ভৱতঃ সলাল গোহাঁইৰ বেজাৰত, মনৰ বেগত কৰবালৈ গুছি গৈছে গৈ; কিন্তু এতিয়া জানিলে যে মালিতা আৰু এই সংসাৰত নাই! মালিতাৰ প্ৰাণপাখী আজি দেহা সজা এৰি থৈ উৰা মাৰিলে। মালিতাই আজি দুখময় সংসাৰ এৰি, নশ্বৰ জীৱন এৰি ঘৃনণীয় সঙ্গ পৰিত্যাগ কৰি, স্বামীয়ে সৈতে অনন্ত ধামলৈ গল! এই শোকজনক ভয়ঙ্কৰ দৃশ্য দেখি