পৃষ্ঠা:মালিতা.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩
মালিতা।

কৰি মাৰিলি! যিহকে ভয় কৰিছিলো সেয়েই পালেহি! ভীমবল! তোৰ মনৰ পাপ হাবিয়াস পূৰ্ণ হল! আই মালিতা—অ’! তই মোক এৰিথৈ কলৈ গলি? তোক নেদেখি মই গোটেই জগত এন্ধাৰ দেখিছোঁ। আই অ’! আজিৰ পৰা মোক আৰু ‘আইতা! আইতা’! বুলি মাতি কোনে মনত ৰঙ্গ লগাবহি? মই আৰু কাৰ মুখলৈ চাই জীয়াই থাকিম? আই ঐ! তোক মই ইয়ালৈকে তুলিছিলো। তোৰ মনত এয়ে আছিলে? এই বুলি ৰাণীয়ে ইনাই-বিনাই কান্দিবলৈ ধৰিলে।

 ইতিমধ্যে সম্পূৰ্ণ ঘটনা শত্ৰুদমনৰো কানত পৰিলগৈ। আইতাকৰ কান্দোনত ভিতৰলৈ সোমাই আহি তেঁৱো কান্দিবলৈ ধৰিলে, কিছুমান বেলিৰ পাচত কলে, “আইতা! কান্দিলে আৰু কি হব? যি হবৰ হল, নাহক, মিছাতে শোক কৰি থকাৰ কোনো দৰকাৰ নকৰে। শেহত যে এনেকুৱা বিপদ হবগৈ, সেইটো মোৰ অলপ জনা আছিলে। সেই কথা, মোৰ মনৰ আশঙ্কাৰ কথা ম‍ই ভীমবলক অনেক বাৰ কৈছিলো, কিন্তু সি