পৃষ্ঠা:মালিতা.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
মালিতা।

 লাহে লাহে বেলি দুপৰমান হ’লহি। তথাপি মালিতাৰ সাৰ নাই। মালিতাৰ বিচাৰ লাগিল। মালিতাৰ আইতাক পদ্মাৱতী ৰাণীয়ে জীয়েকক বিচাৰি, জীয়েকৰ শোৱনী কোঠালৈ গ’ল, কিন্তু দেখিলে তাত মালিতা নাই। জীয়েকক নেদেখি ৰাণী বিচূৰ্ত্তি হ’ল, শেহত জীয়েকৰ শোৱা গাৰুটোৰ ওপৰতে এখন চিঠি পালে, দেখিলে চিঠিখন মালিতাৰ লেখা ৰাণীয়ে চিঠি খন পঢ়ি চাই ধাল খাই পৰিল! হিয়ামুৰ ভুকুৱাই কান্দিবলৈ ধৰিলে। ৰাণীৰ কান্দোন শুনি ভীমবল সোমাই আহিল। ৰাণীয়ে কান্দি কান্দি চিঠিখন ভীমবলৰ হাতলৈ দিলে, ভীমবলে আগৰে পৰা গুৰিলৈকে চিঠিখন পঢ়িলে, পঢ়িচাই কান্দিবলৈ ধৰিলে।

 ৰাণীয়ে কান্দি ২ কলে, “বোপাই ভীমবল অ’! মই তোক পূৰ্ব্বতে নকৈছিলো,—বোলো, সলাল গোঁহাইলৈ মালিতাক নিদিলে, পাচত মহা বিপদ ঘটিব? মই তোক কিমান কলো, ককায়েৰেও তোক কিমান বুজালে, তই কাৰো কথা নুশুনিলি! মালিতাক আন এটালৈ বিয়া দিবৰ মনেৰে সন্ধি কৰিম বুলি আশা দি, সলাল গোঁহাইক অন্যায়