পৃষ্ঠা:মালিতা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
মালিতা।

পাছতে মোৰ জীৱনৰ লীলা শেষ হব। উস! মোক ধৰা, মোৰ প্ৰাণ যায়! ‘এই বুলি ৰূপ সন্দিকৈ ধাল খায় পৰিল! মুখৰ মাত মুখতে মাৰ গল!

 ডেকাজনে তেওঁক পোনাই ধৰিলে, মুখত অলপ পানী দিয়াত তেওঁৰ আকৌ জ্ঞান হল। ডেকাজনৰ ফালে চাই তেও আকৌ ধীৰে ২ কলে, “বোপাই ছোৱালীটি তোমাক গতালো যি কৰা কৰিবা। এই হাবি ডোখৰৰ পশ্চিম ফালে চূকলৈ এজোপা ডাঙ্গৰ চাম গছ আছে, তাৰ তলতে সাতোটা ডাঙ্গৰ ঘাগৰি পুতি থোৱা আছে, তুমি খানি আনিবা। দিবৰ মন হলে ছোৱালীটিকো অলপ দিবা। তুমি যে যুদ্ধ কৰিবলৈ আহি সাতগাৱত কোঠ মাৰি আছাহি মই সেইটো খবৰ পাইছিলো। বোপাটি, মোৰ লগৰ মানুহ কেইটাকো তোমাৰ লগতে লৈ যোৱা, সিহঁত যুদ্ধ বিদ্যাত পাৰ্গত, সিহঁতৰ পৰা তুমি এই সময়ত অনেক সহায় পাবা। তুমি এটি ভালৰ ঘৰৰ উঠি অহা ডেকা, যুদ্ধত বীৰৰ নিচিনা কাৰ্য্য কৰিবা, পিতৃহন্তাক প্ৰতিফল দিবলৈ পৰা-