পৃষ্ঠা:মালিতা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
মালিতা।

ছোৱালীটিক ভালৰ সঁচ বুলিয়েই বিশ্বাস হয়। আজি প্ৰায় এঘাৰ বছৰ ডকাইতৰ ব্যৱসায় কৰি বহুত ধন বস্তু গোটাইছিলো। ইচ্ছা আছিলে ভাল লৰা এটি চাই ছোৱালীটিক বিয়া দিম আৰু ধন বস্তু খিনি বিয়াৰ যৌতুক স্বৰূপে দান কৰি অৰ্জ্জাৰ সাৰ্থক কৰিম। কিন্তু দুৰ্ভাগ্য গতিকে সেয়ে হৈ নুঠিলগৈ।” এই বুলি কৈয়েই ৰূপ সন্দিকৈয়ে টোপাদিয়েক চকুলো টুকিলে আৰু নিতাল মাৰি ৰ’ল।

 ডেকাজনে শুধিলে, “সন্দিকৈ দেউতা! আপোনাৰ যে জীবনৰ আজিয়েই শেষ দিন ইয়াৰ মানে কি? আপোনাৰ কি হ’ল?” ৰূপ সন্দিকৈয়ে ক’লে “বোপাটি! আজি এই কছাৰী দেশৰ এঘৰ ধনী মানুহৰ ঘৰত ডকাইতি কৰিবলৈ গৈছিলো, মানুহ ঘৰত মানুহ ভালেমান। সিহঁতে সৈতে আমাৰ মানুহৰ ভালেখিনি পৰলৈকে মৰামৰি কটাকটি হৈছিলে, অবশেষত সিহঁতৰ মানুহ এটাই মোৰ পিঠিত পাচফালৰপৰা কপিদাৰে সৈতে কোব এটা মাৰিলে দা খনৰ মুখত বিহ আছিলে ম‍ই বিষত চেষ্টা পোৱা নাই! বোপাটি! অলপ