পৃষ্ঠা:মালিতা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
মালিতা।

ঙ্মুখ নহবা। বোপাটি! আৰু নো মই তোমাক বিশেষ কি কম, যন্ত্ৰনাত মোৰ প্ৰাণ যায় বোপাটি, মোৰ মৃত্যুৰ পাচত শটোৰ সৎকাৰ কৰিবা। উস! মোৰ প্ৰা-ণ-যা-য়!! এই বুলি কৈয়েই ৰূপ সন্দিকৈ মুৰ্চ্ছিত হৈ পৰিল! লগে লগে দেহাৰূপী সজাৰ পৰা মায়াৰূপী শিকলি কাটি প্ৰাণৰূপী পখী উৰি পলাল! এই খিনিতে কোৱা ভাল ৰূপ সন্দিকৈৰ বয়স অনুমান ৬০ বছৰ মান হৈছিল কিন্তু মানুহ গৰাকি দেখি তেঁওৰ বয়স ৪৫ বছৰতকৈ বেছি বুলি আপোনাসকলৰ ভিতৰত কোনোৱেই নকলে হেতেন বুলি আমি দাঠকৈ কব পাৰো।

 ৰাতি পুৱাই পুৱাই আহিছে। ৰূপ সন্দিকৈ আৰু এই সংসাৰত নাই তেঁও সংসাৰৰ ওচৰত চিৰবিদায় লৈ নেদেখা ঠাইলৈ গল! কোনে জানে ৰূপ সন্দিকৈ স্বৰ্গলৈকে যাবনে নৰকলৈকে যাব? ডেকাজনে কান্দি ২ ছোৱালীটিৰ বান্ধ বিলাক মোকোলাই পেলালে। তাৰ পাছত ছোৱালীটিক তাতে থাকিবলৈ কই, ডকাইত কেইটাক লগত লই ৰূপ সন্দিকৈৰ শটো সৎকাৰ কৰিবলৈ লৈ গল।