পৃষ্ঠা:মালিতা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
মালিতা

উৎস্বৰ্গ কৰিবলৈকো যেন পৰাঙ্মুখ নোহোৱা। আৰু বোপ৷টি! মোৰ কথা যে শুধিছা, মইনো আৰু নিজ ঠাইলৈ কি যাম? ককাই ভাই যি আছিলে সকলোবিলাক যুদ্ধতেই আদায় হ’ল! মইনো নিজ ঠাইত আৰু কাৰ মুখ চামগৈ? দুৰন্ত কোচহঁতে মোৰ লৰাটিকো মাৰিলে। পুত্ৰহন্তা কোচক প্ৰতিফল দিব পাৰো বুলি, দুখে বেজাৰে ডকাইতৰ লগ ললো। আজি ইমান দিনে চিলাৰাইৰ আৰু কোচহঁতৰ অনিষ্ট চেষ্টা কৰি ফুৰিছোঁ কিন্তু আজিও মোৰ মনৰ কামনা পূৰ নহল! হবৰো আৰু আশা নাই। বোপাটি আজিয়েই মোৰ জীবনৰ শেষ দিন। এই সময়ত যে তোমাক দেখা পাম মোৰ এনে আশা সমূলি নাছিলে। যাহক তোমাক যে আজি দেখা পালো ইও মোৰ পৰম সৌভাগ্য। আৰু এই যে সৌ ছোৱালীটি দেখিছা কালি সন্ধ্যা বেলিকা কছাৰী ৰজাৰ ফুলনী বাৰীৰ পৰা ধৰি আনিছোঁ। কত ৰকমে শুধি চালো ছোৱালীটিয়ে কোনো কথা নকয়। কাজেই ছোৱালীটিৰ পৰিচয় নাপালো, পাম যে তাৰো আশা নাই। গতি গোত্ৰ দেখিলে