পৃষ্ঠা:মালিতা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
মালিতা।

মাতে) আপুনিনো ডকাইতৰ লগ ললে কেনেকৈ? আপোনাক যে আৰু দেখা পাম, এনে আশা নাছিলে। চিলাৰাইৰ যুদ্ধত কোচহঁতে আপোনাকো মাৰিলে বুলিয়েই বহুতে কৈছিলে। পৰমেশ্বৰৰ ইচ্ছাত আপুনি ভালে আছে। কিন্তু আপোনাৰ এই বেশ কেলৈ? নিজ ঠাইলৈ ভাইৰ বন্ধুৰ ওচৰলৈ নগৈ, আপুনি ডকাইতৰ লগ ললে কিয়? আৰু আজি মোৰ দেউতা ক’ত? আপোনাৰ সখীয়েকক ক’ত এৰিলে? দেউতা দেখোঁ আৰু যুদ্ধৰপৰা ঘৰলৈ উলটি নগ’ল!” এইবুলি ডেকা জনে দেউতাকলৈ মনত পৰি, কান্দিবলৈ ধৰিলে।

 ৰূপ সন্দিকৈয়েও কান্দি ২ কলে, “বোপাই, কান্দিলে আৰু কি হ’ব? নাহক, নাকান্দিবা কান্দিলে আৰু তোমাৰ দেউতাৰা নোলায়হি। তোমাৰ দেউতাৰাই বীৰোচিত কাৰ্য্য কৰি সম্মুখ যুদ্ধত প্ৰাণ ত্যাগ কৰি স্বৰ্গলৈ গ’ল। তাত তুমি দুখ কৰা ভাল নহয়। আশীৰ্ব্বাদ কৰিছোঁ তুমিও যেন দেউতাৰাৰ দৰে এজন বীৰ পুৰুষ হোৱাঁ, আৰু দেশৰ মঙ্গলৰ নিমিত্তে প্ৰাণ পৰ্য্যন্ত