এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দ্বিতীয় আধ্যা—উদ্ধাৰ।
“Thou curs’d by heaven’s decree;
How ill exchang’d are things
like these for thee.”
ৰাতি প্ৰায় আৰু এপৰ মানহে আছে এনেতে ছোৱালীটিয়ে ডেকাজনক কলে, আপুনি এইবাৰ অলপ সাৱধান হই থাওক। মই গম পাইছো, ডকাইতহঁত আহি ওচৰ পাইছেহি। ডেকাজনে হাতলৈ তৰোৱাল খন তুলি ললে চাৰিও ফালে চকু ফুৰাই চাই ডকাইতৰ গাঁথাৰ মাজত ৰূপ সন্দিকৈক দেখি তেওঁ কান্দিবলৈ ধৰিলে। ৰূপ সন্দিকৈ ডেকাজনৰ দেউতাকৰ সখীয়েক।
ডেকাজনে কান্দি কান্দি শুধিলে, “সন্দিকৈ দেউতা! [এই খিনিতে কই থোৱা ভাল ডেকাজনে ৰূপ সন্দিকৈক দেউতাকৰ সখীয়েক বুলি কেতিয়াবা “দেউতা” আৰু “সন্দিকৈ-দেউতা” বুলি