পৃষ্ঠা:মালিতা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মালিতা।

অন্তঃকৰণ পমি গৈছে। তোমালৈ মোৰ বৰ এটা মমতা লাগিছে। তোমাৰ নিমিত্তে যদি মোৰ প্ৰাণ যায় যাওঁক, সেইটো বৰ আনন্দৰ কথা। মই যোদ্ধা যুদ্ধ কৰি প্ৰাণ দিবলৈ মোৰ ভয় নাই। আজি ডকাইতৰ লগত যুদ্ধ দিম, যদি পাৰো সিহঁতক পৰাজয় কৰি তোমাক উদ্ধাৰ কৰিম নহলে নিজেই প্ৰান দিম। তোমাৰ নিচিনা নিৰাশ্ৰয়া তিৰুতাক বিপদত পেলাই থই এৰি যোৱাতকৈ মৰাই মঙ্গল।

 ছোৱালীটিয়ে ডেকাজনৰ কথা কেইশাৰ শুনি এইবাৰ হুক্‌ হুক্ কৰে কান্দিবলৈ ধৰিলে বহুত পৰৰ মুৰত ডেকাজনৰ ফালে চাই কলে “আপোনাৰ নিচিনা এজন সৎসাহসী পুৰুষৰ দিব্যমূৰ্ত্তি দৰ্শন কৰি আজি মই পবিত্ৰ হলো, আৰু মই নিজে পৰম ভাগ্যৱতী বুলি বিবেচনা কৰিছোঁ। আপুনি আহক, মোৰ পাচ ফাললৈ আহি সেই গছবিলাকৰ আঁৰত লুকাওক। দেখা যাওক, অভাগিনীৰ ভাগ্যত আৰু কি লিখা আছে।”