পৃষ্ঠা:মালিতা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মালিতা।

সম্প্ৰতি তোমাৰ উপকাৰ সাধন কৰিবলৈ তেনেকুৱা যত্ন কৰিব লাগে। তোমাৰ সুকোমল আৰু লাবন্য দেহাত শিকলিৰ বান্ধ দেখি, মোৰ প্ৰাণত বৰ দুখ লাগিছে। মই সৈনীক পুৰুষ, সৈনীকৰ প্ৰাণত মমতা নাই। যদিহে মোৰ জীবনৰ লীলা-খেলা ডকাইতৰ হাতত আজিয়েই অৱসান হ’ব লগা আছে হওক—তাত মোৰ অলপো দুখ নাই। তোমাৰ নিচিনা এটি লাবন্য প্ৰতিমা—বিশেষতঃ এটি অৱলা নিসহায় তিৰুতাক ৰক্ষা কৰিবলৈ যাওঁতে যদি মোৰ এই প্ৰাণ যায় তেনেহলে মই নিজকে বৰ ভাগ্যশালী বুলিহে বিবেচনা কৰিম। সি যাহ’ক যদিহে কোনো উপায় আছে তেনেহলে তোমাক আজি ডকাইতৰ হাতৰ পৰা উদ্ধাৰ কৰি মোৰ জীৱনক ধন্য কৰিম। এনেস্থলত তোমাৰ অনুৰোধ ৰাখিবলৈ মই আজি নিতান্ত অক্ষম, অতএব মোক ক্ষমা কৰিবা। উস!! তোমাক এনেকুৱা অৱস্থাত পেলাই থই মই কেনেকৈ এৰি যাম? মই সৈনীক পুৰুষ সঁচা—হওঁতে আমালোকৰ অন্তঃকৰণ শিলতকৈও টান বুলি কয়, কিন্তু আজি তোমাক দেখি মোৰ