পৃষ্ঠা:মালিতা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মালিতা।

এই মহা অৰন্যৰ মাজত আহি ডকাইতৰ হাতত পৰিছেহি, তথাপি আপুনি একো বুজিব পৰা নাই! উস্!—ময়ো বন্দী হই আছোঁ।———— এতিয়াও আপুনি পলাই সাৰক। মই হাতযোৰ কৰি আপোনাক মাতিছেঁ— আপুনি প্ৰাণ ৰক্ষা কৰক। ডকাইতবিলাক আহি পাবৰ হৈছেহি। সিহঁত পালেহিয়েই সৰ্ব্বনাশ ঘটিব। এনে স্থলত আপুনি জনা-বুজা মানুহ হৈ মুৰ্খৰ দৰে কৰিব খোজে কিয়? আত্মৰক্ষা কৰাটো ভাল—নিজৰ প্ৰাণতকৈ প্ৰিয় নাই। যাওক— আপুনি পলাই প্ৰাণ ৰক্ষা কৰোক।”

 এইবাৰ ডেকাজনৰ মাত ওলাল। তেঁও ধীৰে ধীৰে ক’লে আইটী! মোৰ ভালৰ নিমিত্তে তুমি যে মোক ইমান বুজনি দিলা তাৰ কাৰণে মই চিৰকাললৈ কৃতজ্ঞতাপাশেৰে তোমাৰ ওচৰত বন্ধা থাকিলো। মই যতদিন জীয়াই থাকিম মোৰ চিৰকাল তোমাৰ এই মধুময় কথা কেইশাৰি মনত থাকিব। কিন্তু মই সম্প্ৰতি স্বাধীন, তুমি পৰাধীনা, বিশেষতঃ বন্দিনী। তুমি মোৰ প্ৰাণ ৰক্ষা কৰিবলৈ যেনেকৈ যত্নৱতী হৈছা, ময়ো