পৃষ্ঠা:মালিতা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মালিতা।

আৰু নীৰলে টোপাদিয়েক চকুলো টুকিলে। একে থিৰে ভালেখিনি পৰলৈকে ছোৱালীটিৰ সুন্দৰ আৰু সৰল মুখখনিৰ ফালে চাই থাকি, থিয় হই থকা ঠাইৰ পৰা এখোজকে নৰলালে, আৰু মুখৰো মাত নোলালে। পাঠক সকল আপোনালোকে শুধিব পাৰে, যে ডেকাজনৰ এনেকুৱা কিয় হ’ল? কিন্তু আপোনাসকলৰ কাৰো জীৱনত যদি কেতিয়াবা এনে ঘটনা ঘটিছে তেনেহলে তেখেতে নিজেই বুজিছে, আৰু ভবিষ্যতেও যদি কাৰো জীৱনত এনে ঘটনা ঘটে, তেনেহ’লেও তেখেতে নিজেই অনায়াসে বুজিব পাৰিব।

 ডেকাজনৰ এনেকুৱা অৱস্থা দেখি, ছোৱালীটিয়ে কন্দনামুৱা হই আকৌ ক’লে “আপোনাক ইমান ক’লো, তথাপি আপুনি মোৰ কথা নুশুনে কিয়? আপোনাৰ প্ৰাণত মমতা নাইনে কি? যমৰ কালমুৰ্ত্তি দেখিও আপোনাৰ শঙ্কা হোৱা নাই নে কি? এতিয়াও সময় আছে—ইচ্ছা কৰিলে এতিয়াও আপুনি ৰক্ষা পাব পাৰে। আৰু এক মুহূৰ্ত্তৰ পাচত আপোনাৰ যে কি সৰ্ব্বনাশ ঘটিব, তাক মই কই অন্ত কৰিব নোৱাৰো।