পৃষ্ঠা:মালিতা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মালিতা।

নহলে সিহঁত পালেহি আপোনাক বৰ বিপদত পেলাব। মই যে আপোনাক মোৰ নিজৰ পৰিচয় দিম তাৰ সময় নাই, আপোনাৰ যে পাম এনে আশাও কৰিব নোৱাৰি। যাহক আপুনি বেগত কৰে ইয়াৰ পৰ৷ গুচি যাওক ডকাইতহঁত আহি পালেহি আৰু ৰক্ষা নাই। পলাই যাওঁ বুলি সিহঁতে মোক লৰিব-চৰিব নোৱাৰা কৰি বান্ধি থৈ গৈছে, নচেৎ মোৰ পৰাও হয়তো আপোনাৰ অলপ উপকাৰ হ’ব পাৰিলেহেতেন, কিন্তু বৰ্ত্তমান অৱস্থাত তাৰ আশা সমূলি নাই। আপুনি শীঘ্ৰে এই শঙ্কাজনক ঠাই এৰি দক্ষিণ ফাললৈ পলাই যাওকগৈ। কিছু দূৰ গৈ আপুনি এজোপা কৰচ গছ পাব, তাৰ দাতিয়েদি এটা বাট আছে, সেই বাটে গ’লেই আপুনি এখন গাঁও পাবগৈ। আজিলৈ আপুনি সেই গাঁৱতেই থাকি ৰাতি পূঁৱালেও নিজা ঠাইলৈ যাবগৈ। আপুনি শীঘ্ৰে পলাওক, নহলে মহা শঙ্কট হ’ব।”

 ডেকাজনে ছোৱালীটিৰ কোমল কোমল আৰু সুৱলা কথাবিলাক শুনি, সৰলতা আৰু সাধুতাৰ পৰিচয় পাই, দুখেৰে এটি হুমুনিয়া কাঢ়িলে