পৃষ্ঠা:মালিতা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মালিতা।

 অলপ সময়ৰ পাছতে ডেকাজনে অৰণ্যৰ মাজে মাজে আহি, জুই কুৰাৰ ওচৰ পালেহি। ডেকাজন অবাক হ’ল। তেঁও দেখিলে এজোপা ডাঙ্গৰ গছৰ তলত ৮।৯টা মান সৰু সৰু পঁজা; তাৰ ওচৰতে একুৰা ডাঙ্গৰ জুই দপ্-দপ্ কৰে জলিব লাগিছে, আৰু সেই জুইকুৰাৰ ওচৰতে এটি ১৬ ১৭ বছৰীয়া গাভৰু ছোৱালী। ছোৱালীটিয়ে হাত বাউল দি ডেকাজনক ওচৰলৈ মাতিলে। ডেকাজন ওচৰ চাপি গ’ল—দেখিলে ছোৱালীটি দেখিবলৈ অতি ৰূপৱতী, কিন্তু তেঁওৰ হাত-ভৰি শিকলিৰে বন্ধা।

 ছোৱালীটিয়ে অৰণ্যৰ কেউফালে এবাৰ চকু ফুৰাই চাই, ডেকাজনক মাতি মনে মনে ক’লে “আপোনাৰ ঘৰ ক’ত? আপুনি এই শঙ্কাজনক ঠাইলৈ কিয় আহিছিলে? ইয়াত ক’তো মানুহৰ ঘৰ নাই, এই যে সৰু সৰু পঁজা কেইটা মান দেখিছে সেই বিলাক মানুহৰ নহয়, সেই বোৰ ডকাইত ৰূপী ৰাক্ষসৰ। এতিয়া ডকাইত বোৰ ডকাইতি কৰিবলৈ গৈছে, অলপতে আকৌ উলটি আহিব। আপুনি সোনকালে ইয়াৰ পৰা আঁতৰ হওক,