পৃষ্ঠা:মালিতা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মালিতা।

 আজি মৰআঁউশী, ঘোৰ এন্ধাৰ! এই মহা অন্ধকাৰৰ মাজত ঘোৰাটোৰে সৈতে অৰন্যৰ পৰা কেনেকৈ বাহিৰ ওলাব, ডেকাজনে ভাবি বিমোৰ হল। বাহিৰ ওলাবলৈ তেঁও বহুত চেষ্টা কৰি চালে, কিন্তু সকলোবিলাক চেষ্টা বিফল হল। তেঁও বাহিৰ ওলাব নোৱাৰিলে। অৱশেষত তেঁও ভোক আৰু পিয়াহত লাল-কাল হ’ল। তেঁও জীৱনৰ আশা ভৰসা এৰি দি, লাহে লাহে উজনী ফাললৈ মুখ কৰি যাবলৈ ধৰিলে, গৈ গৈ তেঁও ভালেমান দূৰত একুৰা জুইৰ পোহৰ দেখিলে। ডেকা জনে ভাবিলে, এই জনশূন্য অৰণ্যৰ মাজত জুইকুৰা ক’ৰ পৰা ওলাল? বোধ কৰোঁ,—মোৰ সৈন্য সেনা বিলাকেই হাতত জোঁৰ লৈ মোক বিচাৰি ফুৰিছেহি। যাহক “কালিকা জুই”তো এনেকুৱা নহয়? কোৱা শুনিছোঁ, কালিকা-জুই বোলে লৰি ফুৰে, কিন্তু জুইকুৰা একে ঠাইতে ৰই থকা দেখিছোঁ? মোৰ মানুহৰ হাতৰ জোঁৰ নহলেও, এই কুৰ৷ কোনোবা মানুহৰেইহে জুই,—অতএব দেখা যাওক।” এই ভাবি তেঁও জুই কুৰাৰ ফালে যাবলৈ ধৰিলে। ৰাতি প্ৰায় দুপৰ মান হৈছেহি।