পৃষ্ঠা:মালিতা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

মালিতা।


প্ৰথম আধ্যা—দেখা দেখি।

“Whence and what art thou!”
Milton.


 বেলি পৰে পৰে। সাত গাঁৱৰ ওচৰৰ এখন মহা অৰণ্যৰ মাজে, ঘোৰা এটাত উঠি এজন ২৫।২৬ বছৰীয়া ডেকা অকলে অকলে গৈছে। ডেকা জন দেখিবলৈ অতি সুন্দৰ আৰু দেখিলেই এজন বীৰ পুৰুষ বুলি বিশ্বাস হয়। তেঁওৰ পিন্ধা সাজ-পাৰবিলাক সৈনিক পুৰুষৰ নিচিনা, হাতত এখন তৰোৱাল।

 দেখোঁতে দেখোঁতে সূৰ্য্য অস্ত গ’ল। চৰাইবিলাকে দুখিত মনেৰে সৈতে গছৰ ডালত আশ্ৰয় ল’লেগৈ; শিয়ালবিলাকে হোৱা-হোৱা কৰি চিয়ঁৰিবলৈ ধৰিলে।